আইৰ খং

মই ঘৰৰ সৰু ল’ৰা।‌ মই যদি ঘৰখন ৰজনজনাই নাৰাখো কোনে ৰাখিব! ঘৰত গ’লে মাক জোকাইয়ে ঘৰখন ৰজনজনাই ৰাখোঁ।‌ খং উঠি থকা সময়ত মাক জোকাই লৈ, পিছত গালিৰ বৰষুণ দিলেওঁ সেই বৰষুণত তিতি বৰ ভাল লাগে।‌ খং উঠাৰ সময়ত মাক প্ৰায় কওঁ “মা কি বনাইছা আজি আমাৰ হোষ্টেলতে ভাল আঞ্জা বনায়!” তেতিয়া মায় কয় বঙালী ছোৱালী বিয়া কৰাই ল’বা সদায় ইলিছ মাছৰ আঞ্জা বনাই খোৱাব! মই যেতিয়া কওঁ সচাঁকে কৈছা তুমি! মা ৰ হাঁহিয়ে তেতিয়া খং বোৰ সামৰে।‌ আজি দিনৰ কথা আমাৰ হোষ্টেলৰ কাষৰে হোটেলৰ আমি পাৰমেনেন্ট কাষ্টমাৰ।‌ মালিক জন বঙালী।‌ আজি মালিকৰ ছোৱালী জনীক দেখিলোঁ- বৰ ধুনীয়া, তাইক দেখি কিয় বা মায় কোৱা সেই বঙালী ছোৱালীজনীলৈ মনত পৰি গ’ল! ধেৎ তেৰি মায় ও কি কি যে কয় !

হোষ্টেল – ১ (নমতা বিয়া)

SANKARDEV ACADEMY, NALBARI ত হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা । সেই সময়ত আমি বৰ বিয়া প্ৰেমী আছিলো । মানে আমি বিয়া কৰোৱাৰ কথাকোৱা নাই বেলেগৰ বিয়া খোৱাৰ কথা কৈছো । এষাৰ কথা আছে নহয় “এনেই বুঢ়ী নাচনি,তাতে নাতিয়েকৰ বিয়া” আমাৰ ক্ষেত্ৰত – “এনেই হোষ্টেলৰ চলি খকুৱা, তাতে নলবাৰীৰ বিয়া”। নলবাৰীৰ বিয়াৰ ৰভা যদিও সৰু খানা কিন্তু একদম জবৰদস্ত । আমি আছিলো হোষ্টেলৰ শান্তি নোহোৱা জীৱ । কাৰ পৰা কেনেকৈ খাব পাৰি সেই চিন্তাই অনবৰতে মাথাত খুন্দিয়াই থাকে । বহাগ মাহৰ কথাটো অলপ বেলেগ, মানে বিয়াৰ চিজন যে ! গৰম বতৰৰ কাৰণে ৱাৰ্ডেন ও নাথাকে তাৰেই সোণালী সুযোগত বিয়া বুলি যাও আৰু ! মাজে মাজে ঠাকুৰে অলপ ঝেং দিছিল -ঔ কত যোৱা তোমালোকে এই ৰাতি? শৰ্মা চাৰ (কো-অৰ্ডিনেটৰ) ক কৈ দিম কিন্তু? আমিও আছিলো নাছোৰবান্দা । যাম বুলি ওলাইছো যামেই কোনো কিন্তু নাই ঠাকুৰকো জোচ ত কৈছিলো কোন শৰ্মা ছাৰ বে ! ক’ব ক’ব ! সেইবুলি আমি একদম বিয়াৰ ৰিচিপচন কৰা ঠাই পাও গৈ । তাৰ ভিতৰত অন্যতম আছিল প্ৰেমদা হোটেল । গৈয়ে দাঁতৰ কাম ষ্টাৰ্ত কৰি দিওঁ ! দুপাৰি দাঁতৰে মাংসৰ পিছ ত কামোৰ মাৰি ! উফ ! কি অপূৰ্ব সোৱাদ ! নাই নোৱাৰি, দাদা এক দৰ্জন পুৰি দিবছোন ! যেন আমাৰ পেট নহয় ধান থোৱা দুলি হে ! খাই লৈ দৰাক আশীৰ্বাদ দি সিংহৰ দৰে জপিয়াই জপিয়াই বিচনা পাওগৈ । পিছদিনা শৰ্মা চাৰৰ জেৰা। মানে আদালতত আচামী হাজিৰ হোৱাদি এপ্লিকেশ্বন হাতত লৈ প্লিজ চাৰ প্লিজ বুলি হাতে ভৰি ধৰি আৰু কেতিয়াও নাজাও বুলি মা কছম খাই আৰম্ভ কৰি দিও ! তেও নুবুঁজেহে নুবুঁজে ! তেওঁক মাথো আমাৰ গাৰ্জেনৰ ফোন নাম্বাৰ হে লাগে । আমাৰো উপাই নাই এয়াৰচেল, ভোদাফোনৰ কাষ্টমাৰ কিয়াৰ নম্বৰ মনত কৰাত লাগি যাওঁ । তেনেতে ৱাৰ্ডেন বৰা চাৰ আহি ‘ও তঁহতে’ বুলি মিছিকিয়াই হাঁহি এটা মাৰি (আমাৰো মন মে লাড্ডু ফুটা হৈ যায় ) এইবাৰ লাষ্ট চানচ্চ কিন্তু ! নেক্সট বাৰ বেডিং লৈ ওলাবি । চাৰেও কিন্তু জানে সেইখিনি যে আমাৰ ক্ষন্তেকীয়া অভিনয় হে আছিল । এনেকৈ বহাগৰ মাহটো বিয়া খাওতে গৈছিল ।এতিয়া সময় সলনি হ’ল নিমন্ত্ৰিত বিয়াত যাব হলে ও লাজে আহি নাকত ধৰে। সময়ৰ পাক চক্ৰত পৰি সকলো এতিয়া বেলেগে বেলেগে ! ভাবিলে এতিয়া বৰকৈ নষ্টালজিক হৈ যাঁও ! কি দিন আছিল ! কি হ’ল গৈ আৰু বা কি হ’ব ?